Nov 25, 2024
Nov 25, 2024
বিজ্ঞান VS প্ৰকৃতি
(Science Versus Nature)
(১)
(জ্ঞানৰ সাধনাই বিজ্ঞানৰ মূল )
সেউজীয়া পাতেৰে লোহোৰা ডালবোৰ দেখি
আমি ফুল আৰু ফলৰহে গণনা কৰিলোঁ,
পাহৰি গলো, শিপাডালে যে মাটি খামুচি আছে ,
পাহৰি গলো সেই মাটিৰ বহন শক্তিৰ উমান লবলৈকো।
প্ৰাপ্তিৰ ক্ষুধা নিবাৰণত আজি বিজ্ঞান জয় জয়কাৰ ।
ঢুকি পোৱাৰে পৰা, ঢুকি নোপোৱালৈকে ,
পূৰ্ণতাৰ পৰা মহাশূন্য লৈকে এটি শব্দ - বিজ্ঞান।
আমি আশ্বস্ত , আমাৰ বিজ্ঞান।
আমি ক্লান্ত ,আমাৰ বিজ্ঞান।
আমাৰ প্ৰাপ্তি ,আমাৰ বিজ্ঞান।
পৰত আউজী ধেনুভিৰিয়া হোৱা,
ভাঙি পৰাৰ উপক্ৰম হোৱা ৰাজহাড়ডাল
পোনাবলৈকো আশ্ৰয় বিজ্ঞান।
জোনৰ পোহৰত তৰা গণি গণি
পাহৰি গৈছোঁ পোহৰৰ উৎসক।
আকাশৰ নীলাৰে ফাকু খেলিছোঁ
কিন্তু ভৰিয়ে মাটিৰ স্পৰ্শ হেৰুৱাইছোঁ।
ইচ্ছাৰ বীজবোৰ কিনিছোঁ
কিন্তু ৰোপণ কৰিবলৈ পথাৰখন হেৰুৱাইছোঁ।
কংক্ৰীটৰ বুকুত দাম্ভিকতাৰ মোহৰ মাৰি ,
আমি অনুভৱ কৰিব পৰা নাই
সেউজিয়াই ঢাকি ৰখা নীলা পাহাৰটোৰ গাম্ভীৰ্যতাক।
সৃষ্টিৰ মহিমাৰে আজি আমি অন্ধ।
(২)
কিন্তু এয়া চোৱা , আজি আমি কত আছোঁ।
চৌদিশ মুকলি অথচ আমি আবদ্ধ।
পোহৰৰ মাজৰ আন্ধাৰ কুঠৰীত আজি আমি কাৰাৰুদ্ধ ।
ফুলৰ সুঘ্ৰানে আকাশ ঢৌৱাইছে,
আমাৰ উশাহত মহামাৰীৰ দুৰ্গন্ধ।
চৰাইৰ কুজনত ধৰিত্ৰী সাৰ পাই উঠিছে,
প্ৰতিধ্বনিত মৃত্যুৰ কিৰিলিত
কতটা নিশা যে আমাৰ উজাগৰী।
অসহায়তাত মুকবধিৰ। আমাক তাচ্ছিল্য কৰি
প্ৰকৃতিৰ বুকুত এটি অট্টহাস্য- প্ৰতিধ্বনিত হৈছে
মাটিৰ বুকুত , নদীৰ বুকুত , বতাহৰ বুকুত।
সন্ত্ৰস্ত আমি, মৃত আমাৰ চিন্তা , নতজাণু হৈছোঁ
, পৰাজিত আমি.... অপেক্ষা এটা ৰাতিপুৱাৰ,
বন্ধ খিৰিকী খুলি এতিয়া আমাক এটা বেলি লাগে,
পাহাৰৰ বুকু ফালি ওলাই অহা এটি ৰঙা বেলি।।
Science Vs Nature
(Science is Rooted in Pursuit of Knowledge)
Original in Assamese byy Prapancha Boruah
(English translation below by Dr. Ratan Bhattacharjee)
Seeing the greenery on trees and its boughs
I forgot to notice the roots of the trees
Or the Bearing ability of Earth
Science is now the adorable tool for quenching
the greed of humans for achievement
From the Outer to the Inner world, from the
Visible world to the Invisible Space
One word resonates – Science
I am confident of my Science
I am satisfied with my Science
On reaching out the edge
Just opposite to our expectations
From the bending of the spinal chord
Till we cannot move our knee
Yes we need science
We counted the stars in the moonlit night
to reach out to the source of light
We played with the azure blue of the sky
but we lost touch of the ground
We bought the seeds of desire
but lost the ground for sowing
We put the seal of our ego on the concrete core
We could not feel that the greenery
That concealed the blue hills beneath
We are blinded by our own pride of creation
(2)
Now you ponder, quo vadis
Where we mismanaged to reach finally.
Our surrounding is still open
But we are locked in quarantine
Amidst the dark cell we are imprisoned .
Fragrance of flowers permeate the sky
But we breathe staunch smell of Pandemic
The world is awakened at the chirping of birds
But in the resounding procession of deaths
We visualize our sleepless nights .
Our helplessness is deaf and dumb
In the bosom of Nature alas
Whose roaring laughter we now hear
Mocking at our vast achievement
over the ages
It is echoed on the soggy earth,
in the ripples of river,
in the nimble air
We are frightened,
and our thoughts are benumbed
We are crestfalled on our knees
We are vanquished
Only waiting for a morning,
While we open our blind we need a dawn
The golden dawn that will emerge out
of the distant mountains….